Thursday, 20 September 2018

কোচ জনগোষ্ঠীৰ হকো চায় আৰু ইয়াৰ তাৎপৰ্য


কোচসকলৰ হকো গীত কোচ-সমাজৰ আচাৰ অনুষ্ঠানৰ সৈতে জড়িত গীতএখন গাওঁ বা অঞ্চলৰ কোনো বিশিষ্ট ব্যক্তি এগৰাকীৰ মৃত্যু হলে তেওৰ নামত হকো ৰাখেএই হকো ৰখা প্ৰক্ৰিয়াক কাম মাতা বা বৰ শ্ৰাদ্ধ বুলি কোৱা হয় উপৰি-পুৰুষসকলৰ প্ৰতি শ্ৰদ্ধা তৰ্পন কৰা এক সাংস্কৃতিক ধৰ্মীয় অনুষ্ঠান
           কোচসকলৰ হকো গীতৰ মাজেৰে কোচসকলৰ চহা সহজ সৰল জীৱন পদ্ধতি প্ৰতিফলিত হোৱা দেখা যায়গীতসমূহৰ গঠন শৈলী অত্যন্ত সৰল দৈনন্দিন চহা জীৱনৰ কোনো লাগ-বান্ধ নোহোৱা কথাৰ আধাৰত এই গীতসমূহৰ সৃষ্টিএইবোৰ গীতৰ ১ম পদৰ সৈতে ২য় পদৰ কোনো সংগতি দেখা নাযায়কেৱল ছন্দ মিলকৰণৰ স্বাৰ্থতেই ১ম পদৰ লগত ২য় পদৰ সংযোগ স্থাপন কৰা হয় প্ৰকৃততে ২য় পদেহে মূল অৰ্থ প্ৰকাশ কৰেপ্ৰাথবোৰ হকো গীততেই প্ৰেমৰ ভাৱ, উচ্ছাসৰ তীব্ৰতা কিম্বা প্ৰেমৰ হা-হতাশাৰ কল্প-চিত্ৰ অবৰ্তমান
           বিয়াৰ ৰভাতল নাইবা ভূই ৰোৱাৰ সময়তো গীতৰ কথাৰে গাভৰুজাকে ডেকাহতক আৰু ডেকাজাকে গাভৰুহতক জকোৱাৰ উদ্দেশ্যে উই মুখ ৰচিত গীতৰ প্ৰচলন আছিলউনে ধৰণৰ মুখ ৰচিত গীতেৰে কোচ লোক সাহিত্যৰ ভৰাল উপচ খাই আছে
গীতসমূহ এনে ধৰণৰ---
গাভৰু-      পাক কংক্ৰেক ৱা কংক্ৰেক -কাকাদে
           উৱান কাৱি লাম,
           নকত মেলায় কেৰেক -কাকাদে
           উৱান বানঠায় কাম
(গছৰ ডালে ডালে বাহনিৰ আৰে আৰে সেয়াই বান্দৰৰ পথ, কেৰমেৰকৈ দুৱাৰ মেলাই ডেকাহতৰ কাম)
ডেকা-      পাক কংক্ৰেক ৱা কংক্ৰেক -জানুংদে
           উৱান কাৱি লাম,
           চুৱা শালিয়ে কেল কেলাই -জানুংদে
           উৱান মিচালা কাম
(গছৰ ডালে ডালে বাহনিৰ আৰে আৰে ভনী সেয়াই বান্দৰৰ পথ, কুৱাৰ পাৰত মেল মৰাই ভনী সেয়াই গাভৰুৰ কাম)
গাভৰু-      খঞ্জন তালি মঞ্জন তালি -কাকাদে
           দাৰি মোচো ৰায়া,
           পাৰ পাৰনি মুকিমুং -কাকাদে
           ভংৰেং মেলা ফৈয়া
(খঞ্জন তালি মঞ্জন তালি ককাইটি দাড়ি মোহাৰে, ফুল ফুলা দেখিলেই ভোমোৰাজাক আহে)
ডেকা-      খম্জন তালি মঞ্জন তালি -জানুংদে
           দাৰি মোচো ৰায়া,
           নানি খোপা চায়ি মুং -জানুংদে
           আং জামাং চাইয়া
(খঞ্জন তালি মঞ্জন তালি ভনী দাড়ি মোহাৰে, তোমাৰ খোপা দেখিয়েই মই সপোন দেখো)
        এইবোৰ লোকগীতেৰে কোচ জনগোষ্ঠীৰ ভৰাল উপচি আছে যদিও সংস্কৃতিবান লোকৰ অভাৱত এই মুখৰচিত গীতসমূহ কালৰ গৰাহত জাহ যোৱঅৰ উপক্ৰম হৈছেএইবোৰ গীত-মাতৰ ক্ৰম বিলুপ্তি ৰোধ কৰিব পাৰিলে কোচ লোক সাহিত্যৰ ভৰাল টনকিয়াল হোৱাত সহায়ক হব